মোৰ এটা বেয়া অভ্যাস আছে, যি অভ্যাস মোৰ স্কুলীয়া জীৱনৰ কথা বতৰা হোৱাত বাধা প্ৰদান কৰিছিল।কাৰণ মই লাজকুৰীয়া আছিল আৰু এতিয়াও লাজ বোলা বস্তুটো আছে।এতিয়া পিছে ইমান নহয় , তথাপিও যেন কৰবাত নহয় কৰবাত খুন্দা মাৰে। ছোৱালীৰ লগত কথা পতা একেবাৰে নাছিল মানে ওচৰলৈও নগৈছিলো। মই চিধা মানুহ আছিল আৰু কেতিয়াবা মই গাজা মাৰিছিলো মন গলেহে। স্কুলত মই তিনি চাৰি শাৰী মন কথা কোৱাৰ পাছত নিস্তব্দ আৰু খুবেই কম পাতিছিলো।মই খুবেই শান্ত আছিল বুলি একাংশই কয় কিন্তু মইয়ে জানো এই আকাশ বৰ বিশাল। মানুহ দুই ধৰণৰ থাকে আভ্যন্তৰীণ আৰু বাহ্যিকতা।বহু মানুহ আছে যি নিজৰ ভাৱ বোৰ হয়তো কলেমেৰে কবিতাৰ ভাষাৰে আৰু উপন্যাস আৰু আন কিছুমানে চিঠি লিখি প্ৰকাশ কৰে। মই তেনে বিধৰো নাছিল তেতিয়ালৈকে। ভাষাৰ অলংকাৰ লগাই ,ৰস লগাই কোৱাৰ মোৰ জ্ঞান নাছিল আৰু নাথাকিবও পাৰে। মুঠতে মই কথা কোৱাত বহু পিছপৰি আছিল। আৰু কথাবোৰ কলেও যেন মৌখিক লোৱাৰ দৰে আছিল। কি খবৰ, ভাল? অ ভালেই ; তাতেই সীমাবদ্ধ।
২০১৬ চন, নৱম মান শ্ৰেণীত পাইছোহি। অলপ ডাঙৰ হৈছো আৰু বহু বন্ধু বান্ধবী পাইছোঁ। সহজ সৰল আৰু বিশেষকৈ মই চাপৰ আছিলোঁ কাৰণে মোক পোৱালি বুলি মাতিছিল। নৱম মানতো একেই ঘটনা কাৰো লগত কথা খুলা খুলিকে নাপাতিলো লৰাৰ বাহিৰে। দুই এজনী ৰ লগত পাতিছিলো গাঁৱৰ ছোৱালী কাৰণে।দশম মানো এনেকৈয়ে গল। ফাৰ্ষ্ট য়েৰ ছেকেণ্ড য়েৰো ধুলিত উৰি গল। ধুলিকণাত বিলীন।
জীৱনত পৰিবৰ্তন আহিছিল স্নাতক মহলৰ পৰা ।নানান ভিন্নৰঙী ছাত্ৰ - ছাত্ৰী। কথা চহকী সব ফালৰে পৰা জ্বলন্ত জুইৰ ফিৰিঙতি। আৰু মই তেতিয়া ৰদে নোপুৰা এটুকুৰা কাঠ। তিনি চাৰি হাজাৰ ষ্টোদেন্ত আৰ্টছ সাইঞ্চ ইত্যাদি। মই পিছে কলা অৰ্থাৎ আৰ্টছৰ আছিলোঁ। হিষ্ট্ৰি হনাৰ্চ লৈ এডমিশ্বন লৈছোঁ। চিত আছিল ৪০ টা।
চেমিনাৰৰ নাম শুনিছোঁ প্ৰথমবাৰ। প্ৰেছেন্তেচন কৰিব লাগে ক্লাছ তোৰ আগত। ভূপেন হাজৰিকাৰ বুকু হম হম কৰে গানটোৰ দৰে বাজি উঠিল হৃদয়ৰ একোণত। ডিঙিত যেন কাঁহ লাগি ধৰে বাৰে বাৰে মেৰামতি কৰিব লগা হৈছে। এটা শব্দ শেষ হলে পুনৰ ডিঙি মেৰামতি ।পিছত যি তি হলেও শেষ কৰি দিলোঁ। এনেইও নহলেই যদিহে নতুন দিগন্তৰ বাট প্ৰশস্ত হল। চিলেবাছ খুজিছিলো প্ৰথমবাৰ একদম সাহসেৰে। কিন্তু ওচৰত গৈয়ে ভূমিকম্প আহিল।হঠাৎ মই যেন খহি পৰিম। এনেকৈ দুমাহ যাওঁ যাওঁ অৱস্থা। পাছত অনুধাৱন কৰিলোঁ।বহি থাকিলে নহব ।কৰিব লাগিব । ফালি, দিব লাগিব ।ইত্যাদি নানান চিন্তা ধাৰা। বৈ যোৱা নদীক ববলৈ দিয়া বহুতে কই ফুৰে মই কিন্তু বিৰোধিতা কৰোঁ।বৈ যোৱা নদীক পোনাই দিয়া লক্ষ্য পথলৈ। সেই সময়ত প্ৰেমৰ বিভিন্ন সংজ্ঞা বিভিন্ন মত।আৰু তাৰ মাজতে মই অচিনাকি প্ৰেমিক। আপেশ্বৰি নগৰী বুলি কলেওঁ বঢ়াই কোৱা নহব। মানসিক আবেগ জ্ঞান বুদ্ধি কৌশল ইত্যাদিৰে পৰিস্ফুত। মইও প্ৰেমৰ সংজ্ঞা বিচাৰি ফুৰিছিলো কিন্তু স্থায়ী নকৰিলোঁ। সংগ্ৰামৰ সময় আহি পৰিছিল আৰু সংগ্ৰামত নিজকে তৈয়াৰী কৰিবলগীয়া হয়। চিচনেলত ভাল নহল মোৰ।কিয় হল গম নেপালো। সংশোধন কৰাৰ পথৰ সন্ধানত বহু পৃষ্ঠা লুঠিয়ালো। কিছুমান পৃষ্ঠাত মধুৰ জ্ঞানেৰে ভৰা আৰু তাৰ মাজতে অজ্ঞাত মামৰে ধৰা পাঠ। কলেজ উইক আহিল।নাচ গান খেলা ধূলা ।মই বেডমিন্টন খেলিব গৈছিলো পিছে খেলিব নাপালোঁ গালিহে খালো। সময়মতে নাহিলোঁ কাৰণে। হাইজম্প জপিয়ালো ৰিজেক্ত হল , জেবলিন থ্ৰু তাতো নহল , ঢুকিহে নাপালোঁ। পিছে ভলী বলত ৰণৰচ আপ হলো। পিছদিনাখন মিমিক্ৰি কৰিব গলোঁ। ডাঙৰ এডিতৰিয়াম ৫০০ জন মানুহৰ কেপাচিতী। ৬ টা বজাত আছিল। মোৰ নাম ফাৰ্ষ্টত আছিল। মঞ্চত উঠিলোঁ।মোৰ মুখৰ ফালে লাইট বোৰ পোনাই দিয়াৰ বাবে দৰ্শক বোৰ নেদেখিলো কাৰণে বিনা ভয়ত মোৰ পাৰপমেঞ্চ শেষ কৰিলোঁ। মোৰ এটা নতুনত্ব আহিল বুলি কোৱাটো পিছে অহংকাৰ ।
কলেজ উইকত দৰ্শকৰ চিতত বহি চিঞৰা মজাই বেলেগ। আহি চাবচোন এদিন সময় পালে। বিশেষকৈ গেলাৰিত বুলি কৈছোঁ। তৰ্ক গান নাচ ফেশ্বন শ্বো হলে আৰু মজৈ বেলেগ। জীৱনত দ্বিতীয়বাৰ এইটো মজা নেপাম চাগে। মোৰ তেতিয়া চাৰিজন বন্ধু আছিল। সোণোৱাল ,দাস ,বৰা আৰু পায়েং । দাস খুবেই জমনি আছিল। ছোৱালীৰ লগত মোৰ সম্পৰ্ক নাই। নিজৰ নিজৰ সপোন আছিল। উল্লেখনীয় ঘটনা এটা ঘটিল আমি গোটেই কেইজনে একে নম্বৰ পালো। মই আচৰিত হৈছিলোঁ ভগৱানে আমাক মিলাইছে। কৰযুৰে কৰিছোঁ প্ৰাৰ্থনা হে ভগৱান শুদ্ধ পথলৈ ঘূৰাই আনা অৰ্থাৎ সৱকেই মাৰ্ক্সৰ প্ৰয়োজন আছিল ।অপ্ৰিয় হলেও সত্য।
0 Comments