Ad Code

Responsive Advertisement

মানৱ অধিকাৰ আৰু কৰ্তব্য

মানৱ অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে জনাৰ আগতে আমি মানৱ অধিকাৰ কি তাক জনা উচিত।
মানৱ অধিকাৰ হৈছে, মানুহৰ লগত জৰিত এক অধিকাৰ।এই অধিকাৰ সমূহ মানুহে জন্ম গত ভাৱে লাভ কৰে আৰু জীৱন ধাৰণৰ বাবে সকলো বোৰ প্ৰয়োজনীয় সামগ্ৰী আদি সমূহ কোনো সংঘাতৰ সৃষ্টি নোহোৱাকৈয়ে লাভ কৰিব পাৰে।বৰ্তমান মানৱ সমাজত মানৱ অধিকাৰক লৈ বহু সংঘাতৰ সৃষ্টি হৈছে।এই পৰিবেশ সমূহ সৃষ্টি নহবলৈ প্ৰত্যেকে নিজৰ নিজৰ কৰ্তব্য সমূহ পালন কৰা উচিত।
      বৰ্তমান সমাজত দেখা দিয়া বিভিন্ন ধৰণৰ ঘটনা সমূহে মানৱ জাতিক বিভ্ৰান্তৰ সৃষ্টি কৰিছে। বিভিন্ন ধৰণৰ ঘটনা যেনে,ধৰ্ষণ,হত্যা,নিৰ্যাতন,শিশু শ্ৰমিক,অবৈধ কামত শিশুক লিপ্ত কৰা,যৌতুক আদিক লৈয়ো সমাজত মানৱ অধিকাৰ বঙ্গকৰণৰ দেখা দিছে।
  বিভিন্ন জনে বিভিন্ন ধৰণৰ সংজ্ঞা প্ৰদান কৰিছে মানৱ অধিকাৰৰ ওপৰত।
 
নিকেল(Nickel)ৰ মতে, "মানৱ অধিকাৰ সমূহ হল মৌলিক নৈতিক প্ৰতিৰক্ষা,যি বোৰ সকলো ৰাষ্ট্ৰ আৰু সংস্কৃতিৰ মানুহে তেওঁলোক কেৱল মানুহ বাবেই লাভ কৰে বুলি কোৱা হয়।"(Human rights are basic moral guarantees that people in all countries and cultures allegedly have simply because they are people.)

Louis Henkin ৰ ভাষাত ,"মানৱ অধিকাৰ হৈছে সমাজত ব্যক্তিৰ অধিকাৰ।প্ৰত্যেক মানুহৰে নিজৰ সমাজৰ ওচৰত বিভিন্ন পণ্য আৰু সা-সুবিধাৰ বাবে বৈধ, যুক্তিযুক্ততা আৰু ন্যায় সংগত দাবী থাকে। সেইবিলাক কে সংজ্ঞাবদ্ধ কৰা হৈছে আৰু ব্যক্তিৰ মঙ্গল,মৰ্যাদা আৰু পূৰ্ণতাৰ বাবে  আন্তঃৰাষ্ট্ৰীয় দলিলত তালিকাভূক্ত কৰা হৈছে।ইয়াৰ মাজেদি ন্যায়বোধ,নিৰপেক্ষতা আৰু মৰ্যাদা বোধ প্ৰতিবিম্ব ত হৈছে"(Human rights are rights of individual in society.Every human being has legitimate,valid,justified claims upon his or her sosiety to various goods and benefits,they are defined,particular claims listed in international I struments deemed essential for individual well being, dignity and fulfillment and that reflect a common sense of Justice,fairness and decency)।
  বৰতমান সমাজত যৌতুক ক লৈয়ো অধিকাৰ বংগ কৰা দেখা গৈছে।কিন্তু আধুনিকতাৰ পৰিপ্ৰেক্ষিতত  যৌতুক ৰ বন্ধ হৈ গল,হলেও মানুহেবোৰে প্ৰত্যক্ষ নহৈ পৰোক্ষভাৱে গ্ৰহণ কৰে।  দিি

Post a Comment

0 Comments