Ad Code

Responsive Advertisement

কবিতা খণ্ড ।।অসমীয়া আৰু ইংলিছ।।বুৰঞ্জী বিভাগ








 নাৰী

মই নাজানো

তুমি প্ৰকৃততে কোন

দ্ৰুপদী নে জানকী

চিত্ৰংগদা নে উলুপি

এটা কথা কিন্তু নিশ্চিত ভাৱে 

যুগে যুগে তোমাৰ প্ৰকৃত পৰিচয় তুমি এক নাৰী।

যাৰ প্ৰাপ্য সন্মান সমাজত এতিয়াও

দিয়া হোৱা নাই....।

তুমি ধৰ্ষিতা নিৰ্যাতিত

অনাদৃত এক নাৰী।

                     ✍️সদানন্দ বৰা।।


((মাতৃভূমি))

সোণৰ অসম ৰূপৰ অসম 

আজি আৰু নাই,

প্ৰবঞ্চনা,প্ৰতাৰণা আৰু বিভীষিকাই

সকলোতে কৰিছে গ্ৰাস।

আহা হে মহানুভবতা

বিদেশী বস্তু বৰ্জন কৰি

স্বদেশী বস্তু গ্ৰহণ কৰি

দেশৰ মাতৃক উজ্জ্বলাও।

প্ৰাতি ঘটি সংঘৰ্ষই 

আজি মেদিনি কঁপাই তোলে।

হত্যা,লুণ্ঠন,দুৰ্নীতি, ধৰ্ষণে 

সকলোকে পাহৰালে অতীত।

         হে অসমী আই,

         তোমাৰ বুকুত জন্ম লোৱা

         প্ৰতিজন ব্যক্তিৰ হৃদয়ৰ মাজত

         লুপ্ত হৈ থকা প্ৰতিভা সমূহ

         জাগ্ৰত কৰা

         প্ৰবল হেঁপাহ।

  দনৱতাই আজি মানৱতাক ৰোধি

  সকলোতে কৰিছে লটি ঘটি,

  সাজু হও আহাঁ আমি

  বান্ধিবলৈ ঐক্যৰ ভেটি।

          মাতৃভূমিয়ে কন্দিছে চোৱা

          কিমান আৰু সহিব বিদেশীৰ বোজা।

          আইৰ চকুলো মুচো আহাঁ

          জাগা জনতা, জননীৰ সন্তান

          আকৌ জাগ..........

                            ,✍️অংকিতা শইকীয়া।।


((তোৰ বিয়াৰ নিশা))

তোক লৈ ৰচা সপোনবোৰৰ আজি অন্তিম দিন..

মেহেন্দিত তোৰ নামৰ সলনি ৰাঙলী

মুগা পাটৰ সাঁজৰ কইনা সাঁজৰ মই জনীক

সমাজে বগা কাপুৰে আঁকিব!

মোৰ পদুলিত আয়তিয়ে হাতত কলহ লৈ গাব

"ঐ ৰাম পানী তুলিবলৈ..."

তোমাৰ হোমৰ জুইকুৰা দপদপাই 

জলিব মৰম বোৰক সাবটি

আৰু আনফালে

মোৰ চিন্তাৰ জুই জলিব।

আমাৰ সপুনবোৰ চাই কৰিব।।

   ✍️ ৰঞ্জিতা বৰুৱা।।


Post a Comment

0 Comments