Ad Code

Responsive Advertisement

Renaissance. Europe.(নৱ জাগৰণ)




 

নৱজাগৰণ (Renaissance)

খ্ৰীষ্টিয় চতুৰ্দশ আৰু পঞ্চদশ শতিকাত ইউৰোপীয় সমাজৰ এক নতুন ৰূপ পৰিলক্ষিত হৈছিল।এই যুগতস্থাপত্য,ভাস্কৰ্য,চিত্ৰাংকন ,সাহিত্য,দৰ্শন,বিজ্ঞান আদিৰ উৎকৰ্ষ সাধন কৰি সমাজে এক নৱযুগৰ সূচনা কৰিছিল।এই নৱ উন্মেষণকে বুৰঞ্জীত নৱজাগৰণ বা ৰেনেছা বোলা হয়।এই নৱজাগৰণৰ ফলত মধ্যযুগৰ অৱসান ঘটিল আৰু আধুনিক যুগে পাতনি মেলিলে।নতুন যুগৰ ধৰ্ম হল গ্ৰীচ আৰু ৰোমৰ প্ৰাচীন সভ্যতাক পুনৰুদ্ধাৰ কৰি প্ৰতিষ্ঠা কৰা আৰু ব্যক্তিৰ চৰম বিকাশ সাধন কৰি এখন যুক্তিবাদী সমাজ গঢ়ি তোলা।এই নৱজাগৰণৰ ফলস্বৰূপে প্ৰাচীন গ্ৰীক আৰু ৰোমান সভ্যতাক সজ্জীবিত কৰি ইয়াৰ ভেটিত এখন নতুন ইউৰোপীয় সমাজ গঢ়ি উঠিল। অৱশ্যে নৱজাগৰণ বুলিলে কেৱল অতীতৰ সাশ্ৰদ্ধ আৰু অন্ধ অনুশীলন কৰাটোকে নুবুজায়।জাতীয় জাগৰণ খ্ৰীষ্টধৰ্মৰ সংস্কাৰ আৰু প্ৰচাৰ; বৈজ্ঞানিক আৱিষ্কাৰৰ আদি নতুন যুগৰ সম্পৰ্কীয় বস্তু।
  বিখ্যাত ইটালীয় পণ্ডিত পেট্ৰাকৰ (১৩০৪-১৩৭৪)সময়ৰ পৰা নতুন যুগ আৰম্ভ হৈছে বুলি ধৰিব পাৰি।তেওঁৰ পূৰ্বৰ এহেজাৰ বছৰ মধ্য যুগ বা"অন্ধকাৰ যুগ" বোলা হয়।সেই যুগত ব্যক্তি বিকাশৰ কোনো সুবিধা নাছিল। যাজক সম্প্ৰদায়ৰ কবলত পৰি জ্ঞান - বিজ্ঞানৰ চৰ্চা প্ৰায় হৈছিল আৰু সামন্ত প্ৰথাৰ কবলত পৰি সামাজিক ,অৰ্থনৈতিক আৰু ব্যক্তি স্বাধীনতা লোপ পোৱাৰ উপক্ৰম হৈছিল।সেই বাবে আধুনিক যুগৰ মানৱে সেই যুগলৈ ঘৃণাৰে লক্ষপাত কৰিছিল।
  পৌৰাণিক সভ্যতা পুনৰুদ্ধাৰ কৰি নতুন যুগৰ প্ৰৱৰ্তক সকলৰ ভিতৰত ইটালীত কেইজনমান ব্যক্তিৰ নাম উল্লেখিত ------
  (১)পেত্ৰাৰ্ক,ইটালী ভাষাত মনোগ্ৰহী কবিতা আৰু লেটিন ভাষাত তেওঁৰ যথেষ্ট ব্যুৎপত্তি আছিল।
  (২)বুক্কাতিক,পঞ্চদশ শতিকাৰ আগভাগত লেটিন ভাষাৰ চৰ্চা কৰি ইউৰোপীয় সমাজক প্ৰভাৱান্বিত কৰিছিল।

ইউৰোপত গ্ৰীক সাহিত্য আৰু সংস্কৃতিৰ চৰ্চা পোন্ধৰ শতিকাৰ পৰাহে পুনৰ আৰম্ভ হৈছিল।ইটালী এই গ্ৰীক ভাষা সাহিত্য চৰ্চাৰ প্ৰথম স্থল হৈ পৰিছিল।ক্ৰিছ লৰাছ নামৰ এজন গ্ৰীক পণ্ডিতে প্ৰথমে ইটালীত গ্ৰীক ভাষাৰ অধ্যাপনা আৰম্ভ কৰে।১৪৫৩খৃঃ ত গ্ৰীক সভ্যতাৰ শেষ স্থল কনস্তন্টিপল তুৰ্কী সকলৰ কবলত পৰত বহুত গ্ৰীক পণ্ডিত এড্ৰীয়াতিক সাগৰ পাৰহৈ ইটালীত বসবাস কৰিবলৈ লৈছিল।ইটালীত গ্ৰীক সাহিত্য ভাষা চৰ্চাই ষোড়শ শতিকাত পূৰ্ণতা লাভ কৰিবলৈ সমৰ্থ হয়।
   ইউৰোপৰ বিশ্ববিদ্যালয়ত গ্ৰীক আৰু লেটিন ভাষাৰ শিক্ষা পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত কৰে।
   গ্ৰীক আৰু লেটিন সাহিত্য চৰ্চাৰ বাবে স্কটলেণ্ড, চুইডেন,জাৰ্মানী,নেদাৰলেণ্ড আদি দেশত বিশ্ববিদ্যালয় স্থাপিত হয়। মেডিছি পৰিয়ালে ফেলাৰেঞ্চৰ বিখ্যাত গ্ৰন্থ আলয় স্থাপন কৰি গ্ৰীক আৰু ৰোমান গ্ৰন্থৰ ভৰাল বান্ধিছিল।পৌৰাণিক সাহিত্য চৰ্চাৰ পৃষঠপোষক সকলৰ ভিতৰত ফ্ৰান্সৰ ৰজা প্ৰথম ফ্ৰান্সিছ,ইংলেণ্ডৰ অষ্টম হেনৰী,স্পেইনৰ পঞ্চম চাৰ্লছ,ডেনমাৰ্কৰ দ্বিতীয় খ্ৰীষ্টান আৰু পোলেন্ধৰ ৰজা - চিগীসমান্ধৰ নাম উল্লেখযোগ্য।
   গ্ৰীক আৰু ৰোমান সাহিত্যত ব্যুৎপত্তি লাভ কৰি ' ৰেনেছা' যুগৰ সাহিত্য আৰু ধৰ্মলৈ ইন্ধন যুগুৱা পণ্ডিত সকলৰ ভিতৰত জাৰ্মানীৰ John rouslin, aru Philip melanchton, ইংলেণ্ডৰ John colet,sir Thomas more,dhenmarkor অধ্যাপক হেলগেছেন,ফ্ৰান্সৰ উইলিয়াম বোধৰ নাম উল্লেখযোগ্য।।।

Bibliography

Nath,ghonokanta

Prokashok:-
Sri ajoy Kumar dutta
Student stores
College hostels road
Guwahati-7871001

Poribeshok::-
Bharoti book stall
G.f.road
Golaghat-785621

First edition February,1989
Second edition February 1990

Post a Comment

0 Comments