(এদিনৰ কবিতা)
সময়বোৰ যেন নেযায় নোপুৱাই
চৌদিশে মেঘে যেন আৱৰি ধৰি ৰাখিছে।
সাৰ্তকতাৰ সামৰ্থ
শক্তিহিনতা ক শক্তিৰ ৰূপান্তৰিত
কৰাৰ আধা লিখা কাহিনীত পৰিপূৰ্ণতা
যেন অনুভৱ....।।
মৌৰ মৌচাক আজি শুকান
নীৰৱ গুন গুন গুন শব্দৰে স্পন্দন
কত বা আহি জিৰাবহি.....
ঠাইবোৰ যে আজি নাই....নিৰূপায়
আজি আত্মাও নিমাও মাও
থেৰুগেৰো
দৈনন্দিন সত্বাৰ
ভাল লগা আমেজৰ
পাঠ্যক্ৰমো শেষ।।
জীৱনৰ এতিয়া চৌদিশে....
কলা ডাৱৰ।
কবি সাহিত্যিক প্ৰেমিকাৰো
আজি অন্তিম দিৱস।
অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ
নাহৰৰ নিৰিবিলি ছাঁ তে
যেন আৱদ্ধ.......................
নে মাইনী মহন্তৰ
"ভালপোৱা" উপন্যাসত.....!
ৰদেও বিচাৰিছে মোৰ
অসহায় আত্মাক এৰি গুচি যাবলৈ।
শৰীৰ মোৰ লগৰী
আত্মা মোৰ প্রেমীক।
কাতৰ অনুৰোধ ৰদে
মোক বিলীন নকৰে......
তথাপি জোনেও মোক মাতিছে...
মোৰ অসহায় আত্মাক।
সময়বোৰ আজি সচাকৈ .....
জড় পদাৰ্থ.... উন্মাদন।
উন্মাদনা মোৰ তেজৰ শিহৰন
ৰক্তাক্ত আজি মোৰ
শুভ সন্ধিয়াৰ খনতেকিয়া
শুভসন্ধিয়া যেন
আজি হব মিশ্ৰণৰ বালি বুকাৰ সঙ্গমত
শেষ পৃষ্ঠাত ...জীৱন জিন্দাবাদ।।
✍️ সুনীল পায়েঙ
বুৰঞ্জী বিভাগ
3rd semester.

0 Comments