১.১ সাৰাংশ:
বিশ্বত এনে মহান ব্যক্তিৰ আবিৰ্ভাৱ হয়,তাৰে এজন অন্যতম ক্ষত্ৰিয় বংশত জন্ম লোৱা পিতৃ শুদ্ধো ধনৰ পুত্ৰ আছিল গৌতম বুদ্ধ।জন্ম হৈছিল ৫৬৬ত শাক্য গণৰাজ্যৰ লুম্বিনি বনত।মাক আছিল মায়াদেৱী,গৌতমৰ জন্মৰ সাত দিনৰ পিছতেই মৃত্যু হয়। বুদ্ধ দেৱে নিজৰ জীৱন কালত ভাৰতৰ ভিতৰত এক সীমিত পৰিসৰত বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিল।তেওঁৰ মহাপৰি নিৰ্বাণ পিছৰ কেইটামান শতিকাৰ ভিতৰত বিভিন্ন জনৰ তৎপৰতাত এই ধৰ্মই ভাৰত হে নালাগে বিশ্বৰ অন্যান্য প্ৰান্তলৈ প্ৰসাৰ লাভ কৰিছিল।পিছলৈ ভাৰতৰ মাটিত ইয়াৰ খোপনি হেৰালেও বিশ্বৰ বিভিন্ন ঠাইত প্ৰভাৱশালী ধৰ্ম হিচাপে মৰ্যাদা অক্ষুণ্ণ ৰাখিছে।বৌদ্ধ ধৰ্ম আছিল মানবিক গুণেৰে মহিমামণ্ডিত,সহজ সৰল ধৰ্ম,যি সহজে সৰ্ব সাধাৰণ লোকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।গধূৰ দাৰ্শনিক তত্ত্বৰ দ্বাৰা এই ধৰ্মক কেতিয়াও এক জটিল ধৰ্মত পৰিণত কৰা হোৱা নাছিল।সেয়ে সৰ্ব সাধাৰণ লোকক আকৰ্ষণ কৰিবলৈ সক্ষম আছিল।ধৰ্ম প্ৰচাৰৰ বাবে বুদ্ধ দেৱে গ্ৰহণ কৰিছিল সৰ্ব সাধাৰণ ভাষা,পালি ভাষা ,বৈদিক ধৰ্ম পালন কৰোঁতে সকলৰ বাবে সংস্কৃত ভাষা জনাটো অপৰিহাৰ্য আছিল।যিটো মানুহৰ কাৰণে সম্ভৱ নাছিল।এতিয়া মানুহে বুজি পোৱাকৈ ধৰ্ম এটা লাভ কৰিলে।
বৰ্ণৰ বাচ বিচাৰ নকৰাকৈ ধৰ্মত দীক্ষিত কৰাটো বৌদ্ধ ধৰ্মৰ অন্যতম ধনাত্মক দিশ।সমসাময়িক ভাৰতীয় সমাজত বৰ্ণ বৈষম্য ই এক দৃঢ় ৰূপ ধাৰণ কৰিছিল।বৌদ্ধ ধৰ্মৰ অন্যতম বৈশিষ্ট আছিল ইয়াৰ আচাৰ ব্যৱহাৰ, অনুষ্ঠানবোৰ আড়মবৰ হীন।এই ধৰ্ম পালনৰ বাবে সততাই মূলধন।নিৰ্বাণ লাভ কৰিবলৈ কোনো পুৰোহিতৰ জৰিয়তে বৃহৎ আৰু ব্যয়বহুল ধৰ্ম কৰ্মৰ ইয়াত প্ৰয়োজন নাই।বুদ্ধ দেৱে নিৰ্বাণ লাভৰ বাবে দেখুওৱা পথত ধনৰ প্ৰয়োজন নাই।অন্যহাতে সমসাময়িক বৈদিক সমাজত ধৰ্ম পালন এক ব্যয় বহুল বিষয় হৈ পৰিছিল।গতিকে সৰ্ব সাধাৰণ লোকে ব্যয়বহুল বৌদ্ধ ধৰ্মকেই মোক্ষ বা নিৰ্বাণ লাভৰ পথ হিচাপে বাছি লৈছিল।
১.২ সংক্ষিপ্তকৰণ :
খৃঃ পূ: - খ্ৰীষ্টপূৰ্ব
১.৩ বীজ শব্দ :
ক্ষত্ৰিয় বংশ ,লোম্বিনি,mohaporinirban, সংসাৰ,বৰ্ণ বৈষম্য।
২.১ অৱতৰণিকা
সন্যাস জীৱনৰ আৰম্ভণিতে গৌতমে বৈশলিত শিষ্যত্ব গ্ৰহণ কৰি সাংখ্য দৰ্শন তত্ত্বৰ জ্ঞান আহৰণ কৰে তাৰ পিছত তেওঁ ৰাজগৃহত উপস্থিত হৈ ৰুদ্ৰক ৰাম পুত্ৰৰ আশ্ৰমত যুগ অভ্যাস আৰু ধ্যানৰ কলা কৌশলী আহৰণ কৰে।এইবোৰে গৌতমক সন্তুষ্ট কৰিব পৰা নাছিল।ৰজগৃহৰ আশ্ৰম এৰি গৌতম উৰু বিলবলৈ (বৰ্তমান বুদ্ধগয়া) যাত্ৰা কৰিলে।তেওঁৰ লগত আছিল পাঁচজন সতীৰ্থ । উৰোঁ বিলবত গৌতমে কৃচ্ছ সাধন আৰম্ভ কৰিলে।এই সাধনা ছয় বছৰ চলিছিল। এই সাধনা ইমান কঠোৰ আছিল যে গৌতমৰ দৈহিক অৱস্থাৰ চুঢ়ান্ত অৱনতি ঘটিছিল।প্ৰকৃত জ্ঞানৰ নিৰ্মল আলোকেৰে তেওঁৰ দেহমন উদ্ভাসীত হল। আৰ্যসত্য , অষ্টাঙ্গীক মাৰ্গ, প্ৰতিত সমুৎপাদ আদি তত্ত্ব তেওঁৰ মানস লোকত পৰিণত হল।পৰম জ্ঞান লাভৰ পিছত সকলোকে বিলাই দিয়াৰ সিদ্ধান্ত ললে।
২.২ উদ্দেশ্য
বিভিন্ন দেশত ধৰ্ম প্ৰচাৰ আৰু বাণীসমূহ প্ৰচাৰ কৰাই আছিল মূল উদ্দেশ্য।বৌদ্ধ ধৰ্মৰ অনুগামী সকলক সু সংগতিত আৰু সুসংহত কৰাৰ উদ্দেশ্যতে বৌদ্ধ সংগ প্ৰতিষ্ঠা কৰা হৈছিল।বৌদ্ধ ধৰ্মত ত্ৰিৰতনৰ কথা উল্লেখনীয়।এইকেইটা হল সংগ,বুদ্ধ আৰু ধৰ্ম।
২.৩ পদ্ধতি
পেপাৰ খন সামগ্ৰিক ভাবে ' প্ৰাচীন ভাৰত বৰ্ষৰ ইতিহাস 'আৰু ' ভাৰতৰ ইতিহাস ' ৰ পৰা কিছুমান উল্লেখনীয় দিশ সমূহক সংশ্লেষণ আত্মক ভাবে অধ্যয়ন কৰা হল।কিছু প্ৰাসংগিক দিশটোৰ লগত সংযুক্ত হৈ প্ৰস্তুত কৰা হল।
২.৪ বিষয় বস্তুৰ গুৰুত্ব:
ধৰ্মৰ ওপৰত চলা আৰজকতাই দেশখনক খোঙা কৰি পেলাইছিল।এই কালতে বুদ্ধৰ সৃষ্টি হয়। বাচ বিচাৰ নকৰাকৈ ধৰ্মত দীক্ষিত হব পৰিছিল এইটোৱেই আছিল বুদ্ধৰ মূল গুৰুত্বপূৰ্ণ দিশ।সমাজত প্ৰচলিত জাতি ব্যৱস্থাক নিষেধ কৰি এটা সমন্বয়ৰ সমাজ গঢ়ি তুলিছিল।সমাজত দুই পন্থাৰ সৃষ্টি হৈছিল।
২.৪.১ মহাযান পন্থা
খৃঃ প্ৰথম শতিকাত উদ্ভৱ হয়।এই পন্থাত বুদ্ধক ভগৱান হিচাপে স্বীকৃতি দিছিল।ভগৱান ৰ শাৰীত স্থাপন কৰিছিল।বুদ্ধক শাশ্বত আৰু জন্ম মৃত্যুৰ অতীত বুলি এই পন্থাৰ লোক সকলে বিশ্বাস কৰিছিল।
২.৪.২ হীনযান পন্থা
ই আছিল বাস্তব বাদ।বুদ্ধ আছিল এজন সৰ্বজ্ঞ পুৰুষ।তাত সন্যাসী সকলেহে স্থান পাইছিল।আত্মকেন্দ্ৰিক আৰু ব্যক্তিৰ নিৰ্বাণ লাভেই তেওঁলোকৰ কাম্য আছিল।
২.৫ মূল অধ্যয়ন
বৌদ্ধ ধৰ্মই জনপ্ৰিয়তা লাভ কৰিছিল। অষ্টাঙিগিক মাৰ্গ দৰ্শন সমূহে মানুহৰ নিৰ্বাণ লাভ কৰাত সহায় কৰে।antordristii বা প্ৰজ্ঞান লাভৰ জৰিয়তেহে নিৰ্বাণ লাভ কৰে।নিৰ্বাণ হল আসক্তিৰ অন্ত আৰু পুনৰ জন্মৰ তৃষ্ণাৰ পৰা মুক্তি।নৈতিক আচৰণ সমূহৰ কেন্দ্ৰ বিন্দু আছিল মধ্যম পন্থা

0 Comments