ৰঙানদীৰ ৰঙাপানী যায় নো কলৈ
সাগৰ বিচাৰি
সাৰে আছোঁ মই
তোৰ বুকুত কণ্ঠদান দিবলৈ
তই সাগৰ বিচাৰি গলে
মেলি দিম মই মোৰ পাল তৰা নাওঁ
ঐন্দ্ৰজালিক সুৰীয়া সুৰে সোৱৰাইছিল
ৰঙচঙীয়া ডেকা গাভৰুক।
চন পৰি থাকিব মাটিডৰা
সাগৰ বিচাৰি গলেও
নিজ কক্ষপথে যাবা।
উজুটি খাই পুনৰ আমাৰ
চকু যুৰিৰ নৈ খনক
শেষ হাঁহি নামাৰিব।
আবেগিক বাবে তচ-নচ হৈ যাম।
বাস্কেট বলৰ দুঘণ্টীয়া আড্ডা
ইন্দিৰা মিৰি গাৰ্লছ হস্তেললৈ
ৰিমঝিমৰ চাবা কি ৰেম্প ৱাক
বন্ধু দেবেনৰ কি চাহনি
দেখিলেই মিচিকিয়াই হাঁহে....
এই দেখি দেৱেনে দিয়ে টাইগাৰৰ
নষ্টালজিক দাঞ্চ।
ধনঞ্জয়ৰ মাথো এটাই কথা
ছোৱালী এজনী দেখিলেই
'ও মা গুটোৰো লাও'
ফুলৰ ৰেণু বিলাই ফুৰা
খুবেই সহজ সৰল
তেখেত হল সৌৰভ।
তাই আহিলেই কয়( সাগৰিকা)
কাণেদি, পেৰেড দাইনে ডেক
ইল্লামত......ইয়ে হল মঞ্জিল।
পিছে বৰ্তমান লৰা ব্যস্ত।
লবৰ এটাই আন্দাজ
' অই ছোৱালী এবাৰ ভাল পাই চাবা নেকি '
কিমান দূৰ সত্য হয়। গৱেষণা কৰি আছোঁ।
সন্ধান পোৱা নাই।
আই লাভ ইউ
নুফুটে মোৰ মুখত
দেখিলে তোমাক আগত।
এবছৰ ছয় মাহ গ'ল
কবলগীয়া কথা থাকি ৰ'ল।
মাৰ্চৰ প্ৰথম সপ্তাহত লগ পাম
ভাৱনা অৱগত কৰা মোৰ কাম।
খেলমাটিৰ পৰা তোমাৰ বাবে আনিছো ফুল
সেই সময়ত নকৰিবা বিভিন্ন ৰোল।
শ্ৰেণীকোঠাত চাও তোমাক আলেঙে - হালেঙে
হৃদয় মোৰ ঘূৰি ফুৰে দিহিঙে- দিপাঙে ।।
সুনীল পায়েং



0 Comments