Ad Code

Responsive Advertisement

কবিতা

 



আই

 - বিশ্বজিৎ দাস, লখিমপুৰ 


জ্বলি উঠিল জীৱন শলিতা

তোৰ পৰশত আই !

পলে পলে হাঁহিছিলোঁ 

গাইছিলোঁ তোৰ স'তে সৰগৰ গীত


মই এটিয়া ডাঙৰ হ'লোঁ আই

এতিয়া মই তোৰ স'তে নেখেলো লোকা-ভাকো !


আজিকালি মই ভাল নাপাওঁ সেই নিচুকনি গীত

এতিয়া তই নুবুজিবি মোৰ বুকুৰ গভীৰতা 


তোৰ সুখৰ বোবেই

তোৰ কথামতে বিয়াত বহিছিলোঁ

এতিয়া না তোক সুখ দিব পাৰিছোঁ

না তাইক...


জীৱনটো বৰ কঠিন হৈ পৰিছে অ' আই 

কেতিয়াবা কি ভাবো জান্

সকলো বোৰ শেষ কৰি যেন গুছিযাম 

বহুদূৰলৈ....

পিছে ভয়লাগে,

যদি তোৰ হিয়াখন ভাঙিপৰে...


আই, তাহানিতে যে তই আনিদিছিলি

সেই চাবি দিয়া গাড়ি খন 

আজি মই তাৰেই প্ৰতিলিপি 

আৰু চাবিটো তোৰ বোৱাৰীৰ হাতত


বিবাহ বিচ্ছেদ কৰিব নোৱাৰোঁ

তোৰ চেষ্টাৰ বলতেই আজি মই 

সমাজৰ নামোজ্বল মানুহ !


তোৰ পৰা বহুত শিকিলোঁ আই

বুকুত বেদনা লৈ কেনেদৰে হাঁহিব

লাগে সেয়াওঁ...

মই বৰ বিমুৰত পৰিছোঁ অ' আই

পাৰ যদি মোক ক্ষমা কৰিবি 

আৰু বাকি থকা দিন কেইটা 

(বিদ্ধাশ্ৰমত) দুখে কষ্টৰে কতাবি

মোক ক্ষমা কৰিবি আই

ক্ষমা কৰিবি....

_______________________________


মা


উজাগৰী নিশাৰ এমুঠি সন্ধানৰ কবলত

ঐন্দ্ৰজালিক সুৰেৰে আপ্যায়ন কৰা 

মোৰ জীৱনৰ ৰঙৰ উৎস মা।।

ব্যক্তি সত্বাৰ চানেকি গঢ়া

কাঁইটীয়া পথেৰে যাত্ৰা কৰাৰ আমেজৰ

সোৱাদ লোৱাৰ প্ৰেৰণা দিয়া 

মোৰ আত্মাৰ দেৱীয়েই হল মা।

দূৰণিৰ যেন পপীয়া তৰা

অমানিশাত বিলীন হোৱা উল্কা এতিয়া নাই।

জঠৰাগ্নি দুলালৰ আকুল আহ্বানত 

মতলীয়া আৱেগৰ বশৱৰ্তী

পৰিত্ৰাণত নাই যাৰ আশীষ চিপজৰী।

নিমাতী কন্যা ৰূপী আইৰ দুবাহুত বিচাৰি পাওঁ মোৰ

শৈশৱৰ ধেমালি বোৰ

 আৰু এতিয়া যেন হঠাৎ ফাগুনৰ 

অচিনাকি ধুমুহাই তচনচ  কৰিলে অমৃতেৰে ভৰা 

মধুৰ ক্ষণবোৰ।

                                                         সুনিল পায়েং

                                                         ৰঙানদী, দোঁৱাৰ গাঁও

                                                         ৯৭০৭৩২০৯৯৭


***অ"মোৰ মৰমৰ মা'***

--------------------------------

অ"মোৰ মৰমৰ মা---তোমাৰ মোৰ ভালপোৱা যুগ-যুগমীয়া

সেই যে তেজে-তেজে কথা পাতিছিলোঁ।

সেয়াই আৰম্ভণি আমাৰ ভালপোৱা 

মোৰ দেহৰ যেতিয়া তোমাৰ তেজ বৈ গৈছিল ,আমাৰ তেজে-তেজে আৰম্ভ হৈছিল এসাগৰ জোৱাৰ ভাটা।

তুমি মোৰ মৰমৰ মা----


তোমাৰ কোলাত শুলে,হৃদয় জুৰ পৰে।

বুকুখনি হয় তাজমহল 

মন নদী হৈ ,মৰম সূঁতি বয়

ঢৌ বোৰো হয় তাত সাথঁৰ

তুমি মা,তুমি অন্যন্যা,তুমি নাৰী 

তুমি সুকন্যা ,তুমি প্ৰেম,তুমি প্ৰিয়া

তুমি জগৎ,তুমি হিয়া

তুমি মোৰ মৰমৰ মা----


মা মোৰ হিৰন্ময়ী পৃথিৱীৰ সুচন্দ্ৰমা

তোমাৰ তেজৰঙা বুকুৰ শেতেলীত 

মোৰ মূৰ শুৱাই থোৱা

সৰ্বদা থাকো তোমাৰ গোসাঁনী চৰণ

প্ৰণামীয়া।

তুমি মোৰ মৰমৰ মা----

    

মা মোৰ জীৱন আলোকৰ মহামণি

মা মোৰ মুকুতি,মা মোৰ ভকতি

মা মোৰ জীৱন জীয়াৰ সেউজসত্বা

তুমি মোৰ মৰমৰ মা----

তুমি মোৰ মৰমৰ মা----।।

 

       👆ৰেণুজা বেগম চৌধুৰী 

             হোজাই ,অসম

              ফোন :৮৬৩৮৩৮৬৬৩০

মা  

তেওঁ -

পৃথিৱীৰ সুন্দৰতম নাৰী গৰাকী

কৰ্তব্য, দায়িত্ব আদিবোৰ -

নিষ্ঠাৰে পালন কৰা মহিলা গৰাকী

ভোকৰ ভাতমুঠি সঠিক সময়ত দিয়া

দেৱী অন্নপূৰ্ণা গৰাকী


ঘৰখনৰ লক্ষীদেৱী তেওঁ

সন্তানৰ বাবে আই সৰস্বতী

প্ৰয়োজনত শিলৰ দৰেই কঠিন

এনেয়ে -

কাচৰ দৰে থুনুকা তেওঁৰ হৃদয়


সুদিনত কোন কলৈ যায় খবৰ নাৰাখিলেও

দুৰ্দিনত -ডেউকা মেলি আৱৱে তেওঁ


সাগৰৰ দৰেই বিশাল -

আকাশৰ দৰেই উদাৰ -

পৃথিৱীৰ দৰেই সহনশীল তেওঁ


নিজৰ ভাললগা বোৰক জলাঞ্জলী দি

সন্তানৰ ভালৰ বাবে জীয়াই থাকে তেওঁ


তেওঁ শক্তি

তেওঁ ধৰিত্ৰী

তেওঁ নাৰী

তেওঁ মাতৃ....

✍️ দিলোৱাৰ হুছেইন

 (হোজাই)


"মা" চৰণ সেৱা কৰি যাওঁ-----!!!


"মা" শব্দটো এক ঈশ্বৰীয়

আধ্যাত্মিক অনুভূতিৰ শিহৰণ !!

"মা"শব্দটোত অন্তঃনিৰ্হিত

আছে ঐশ্বৰীক গুণ !!

"মাতৃ"সকলো চৰাচৰ জীৱৰ 

সৃষ্টিৰ আদিমূল এই বিশ্বব্ৰক্ষ্মাণ্ডত !!

"মা" কেৱল এটা শব্দ নহয়--------"

ইয়াৰ অন্তৰালত এগৰাকী

মাতৃৰ কিমান যে ত্যাগ,বেদনা

আৰু মমতা লুকায় থাকে!!

মা" শব্দটো এক অনুভূতি নহয়-------"

হৃদয়ঙ্গম স্থলীত শিৰা উপশিৰাই

শিপায় থকা এক শিহৰণ!!

যাৰ মমতা মৃত্যু পৰ্যন্ত কোনেও পাহৰিব নোৱাৰে কাৰণ-'আইৰ সমান হব কোননৈৰ সমান বব কোন '!!

'মা' মনৰ সপোন-'মা' হৃদয়ৰ দাপোন-"'মা' আশাৰ আত্মা-"একাত্ম হৈ থাকে সন্তানৰ 

ভৱিষ্যত গঢ়াত !!

"মা"প্ৰকৃতিৰ সৃষ্টিকৰ্তা------"

মা তুমি অনন্যা-----"

মা তুমি তুলনাবিহীন----

✍️ছাহিদ আহমেদ (শিৱসাগৰ)


দেওঁ বৰীয়া কপিলী NE r udyugot ayujit kobita প্ৰতিযোগিতাৰ ফলাফল সমূহ।

Congratulations 🎉🎉 to all participate and bieng winner's to again congratulations.thankyou

Post a Comment

0 Comments