Ad Code

Responsive Advertisement

কবিতা(poems )

 


যোদ্ধা

হেৰৌ বোপাই,যদি জীৱনটো
বৃক্ষহীন পাহাৰৰ দৰে ক্ষয়ী হয়
কৰিবানো তুমি কি..?
আপুনিটো জানাই মোৰ অন্য কোনো নাই
আত্মাৰ বাহিৰে।
জীৱন যুদ্ধৰ বাবে প্ৰস্তুতি
মই নিতৌ কৰি থাকোঁ।
আৰু এই প্ৰয়াস সোঁতৰ বছৰ পাৰ হʼল।
কলা ডাৱৰেও মোক ঢাকি ৰাখিব নোৱাৰে
মোৰ আত্মাৰ সৃষ্টিক।
ছয় বছৰ বয়সৰ পৰাই মোৰ যাত্ৰাত
কাঁইট আছিল আৰু এতিয়াও আছে।
মোৰ বাবে মইয়ে শস্ত্ৰ
নালাগে মোক কাৰো সহায় আদৰ
মোৰ বাবে পৰিশ্ৰমেই উন্নতিৰ মূল।
আপুনিয়ো সম্ভৱ তাহানিতে পাইছিল।

সুনিল পায়েং
নৰ্থ লখিমপুৰ কলেজ (স্বা:)
চতুৰ্থ ষান্মাসিক
৯৭০৭৩২০৯৯৭



তুমি অহাৰ অপেক্ষাত

তুমি অহাৰ অপক্ষাত 

 ষ্টেচনৰ কাষত ৰৈ থকা মই নিৰৱ পাগল প্ৰেমিক।

 সন্দেহৰ দৃষ্টিৰে এবাৰ মৰমৰ ভাষাৰে 

 আবৃত্তি কৰা দুশাৰি শিৰোনাম নথকা কবিতা।

দিবাকৰে দন্তমঞ্জন নকৰাৰ আগতেই

কলেজৰ গেটত ৰৈ থাকোঁ

কিজানিবা তুমি তোমাৰ বান্ধৱীক মোৰ বিষয়ে

আওৰাই শ্ৰেণী কোঠালৈ প্ৰবেশ কৰিবা 

আৰু মই হিন্দী চিনেমাৰ দৰে ' পলত্ পলত্ ' 

ভাবি থাকিম আৰু  লগৰীয়াই টানি লৈ যাব

এইবুলি ' গলদ্ গলদ্ '.

কি জমনি ।

একাংশই মন্তব্য কৰিব

আন কোনোবাই সমালোচনা

আৰু  আন কেইজনীয়ে তুলনা।

ষ্ট্ৰেইট আৰু হাইলাইট কৰা চুলি,

বাইলজি ষ্টোদেণ্টৰ আগত চুলি মেলি নাযাব

ৰহস্যৰ অনুসন্ধান কৰিব অণুবীক্ষণ যন্ত্ৰ লৈ।


Post a Comment

0 Comments