আজি ২.৫০ ত গৈ নাপালে কলেজত নাম ভৰ্তি কৰা নহব।ইফালে ফাৰ্ষ্ট ছেমৰ আৰম্ভ হলেই। তই বাৰু আহিছনে? মই চান্দুবিত পালোহি।
মেকংৰ বহুত খং উঠিছে, জেনিলাক হেৰুহোৱাৰ ভয়ত। অতদিনে জেনিলাক লৈ কিমান আশা - প্ৰত্যাশা আছিল। অটোৰিক্সাত মাৰ্বাং আৰু মই আলোচনা কৰি গৈ আছিলোঁ।তাতে সম্পূহো উঠিলে। এনেদৰে কথোপকথন কৰি থাকোতে কথাই কথাই বহুত পুৰণি কথা ওলাল। সম্পু তোৰ মনত আছেনে , কি কথা,কিহৰ কথা..? কাৰ্বুকে যে তোক এদিন পাৰ্কলৈ লৈ গৈছিল। অহ আছে বিশেষকৈ এলিনৰ কথাটো। কি মিছিকিয়া হাঁহি, জানানে মোৰ প্ৰথম দৃষ্টিতে তাইলৈ প্ৰেম উপজিছিল।
এলিনা : তোমালোক ইয়াৰে নেকি?
হয়, আমি ইয়াৰে খেলমাটিত থাকোঁ। বেয়া নোপোৱা যদি ফটো কেইটামান মাৰি দিব পাৰিব নেকি?
সম্পো : হয়,
কাৰ্বুক : " লৰা ফুৰ্তি বেলেগ দেখোন" সি ফটো ভালকে তুলিব পাৰে।তুমি চিন্তা নকৰিব।
সাম্পু - পিছে তোমাৰ নামটো কি ?
এলিনা : মোৰ নাম এলীনা।
কাৰ্বুক : ( oh nice name) ক'ত থাকা , কোনটো কলেজত পঢ়া।
সমপু: হে হব দে , তই এতিয়া ইণ্টাৰভিউ কৰিব নালাগে।
এলীনা: হয় মই কলেজ চাৰিআলিৰ মিৰি হোষ্টেলত থাকোঁ।মই গাৰ্লছ ত পঢ়ো।
এইটো সময়ৰ পৰাই আমাৰ দেখা দেখি নাই। জানানে, এতিয়া বা তাই ক'ত কি কৰি আছে...? নাজানো মই..! অ' মই জনামতে তাইৰ বিয়া হল নেকি.? হাসবেণ্ড পুলিচত কৰে নামটো ৰিগাং। হয়নেকি?
সোম্পো: মাৰবাং , আগলৈ কি কৰিম বুলি ভাবিছা?
এইটো প্ৰশ্নই মোৰ মাতা খাই দিছে।দ্বাদশ শ্ৰেণীত এজনীক কথা দিছিলোঁ। দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হলেই মই তোক আপোন কৰি কম আৰু জীৱনৰ সংসাৰ খন চলাই যাম। অহ, এইটো কথা, ইন্টেৰেষ্টিং দেখোন। তোৰ জনীৰ বিষয়ে অলপ চুটিকে কবচুন্ ? দাদা অলপ লাহেকে চলাবচুন অটোৰিক্সাটো , বিৰহ বেদনা ৰঙ তমাসাৰ কথা আপুনিও উপভোগ কৰক।
মাৰ্বঙ : ঠিক আছে শুনা ।
মই শিলিগুৰি হাইস্কুলৰ মেট্ৰিক পাছ কৰি কলেজত নামভৰ্তি কৰিবলৈ আঁহিলো আৰু তাতে মোৰ প্ৰথম চিনাকি। নামটো আছিল লভিতা।
" একাদশ কলা শাখাৰ নতিছ জাৰী কৰিলে পৰীক্ষাৰ,সময় আছিল১২:৪০ মই নতিচ খন চাই আছিলো আৰু কেন্টিনৰ ফালৰ পৰা তাইয়ো আহিল। হাই.......এইটো কিহৰ নটিছ ।এইটো একাদশ শ্ৰেণীৰ পৰীক্ষাৰ ৰুটিন।কি..?? কেতিয়া, ২ তাৰিখৰ পৰা আছে।মই মৰিল আৰু একোৱেই নাজনো নহয়, এতিয়া কি হব ,আকস্মিক ভাবে দিলে যে ৰুটিন খন।
মই মাৰ্বং তোমাৰ নামটো , অ... লভিতা।
অহ, তোমাৰ কি কি বিষয় আছে.? মোৰ শিক্ষা , অৰ্থনীতি ,বুৰঞ্জী, পলটিকেল। অহ ভাল ভাল সাবজেক্ত দেখোন। তোমাৰ ইংৰাজীৰ নোট কেইটামান দিব পৰিব নেকি? অকে দিব পাৰিম। কিন্তু পিছে তোক কেনেকে লগ পাম ! মোৰ ফোন নম্বৰ টো লোৱা। অকে মই কাইলৈ আনি দিম।
পুৱাৰ হেঙুল কিৰণৰ মোহময়ীত দিবাকৰৰ সন্ধানত মাৰ্বাঙৰ কব নোৱাৰা আনন্দ। চিনাকিয়ো হল,নম্বৰো পালে। এইটো সাইডৰ পৰাও অলপ অলপ আকৰ্ষণ হৈছে। মাৰবাঙৰ নতুন নতুন চিন্তা। আৱেগত মগ্ন বিলীন।
মৰ্বাং: হেল্লো,( কপি কপি..)
লভিতা: অ হেল্ল...., স্বৰি দেই মই মানে বেলেগ এটা কামত ব্যস্ত হৈ আছিলোঁ,বেয়া নাপাব দেই ফুনটো উঠাব নোৱাৰিলোঁ।
মৰ্বাঙ: ইটচ অকে, একো না।
লভিতা : অ বহীটো চাইকেল ষ্টেন্ধৰ পিনে লৈ অনিবি মই তাতে তোক লগ কৰিম।

0 Comments