Ad Code

Responsive Advertisement

ভাৰতত ভক্তি আন্দোলনৰ প্ৰভাৱ,Bhokti movement in India.

"ভক্তি আন্দোলনৰ প্ৰভাৱ বিস্তাৰ"

অষ্টম শতিকা মানৰ পৰাই এক নৱ্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান হৈছিল আৰু এই ধৰ্মীয় ভাৱধাৰাৰ লাহে লাহে  প্ৰসাৰতা লাভ কৰিছিল।এই ধৰ্মীয় বিবৰ্তনকে ভক্তি আন্দোলন বুলি জনা গৈছিল।ৰাম,কৃষ্ণ আদি বেলেগ বেলেগ নাম কৰনেৰে জাতিভেদ প্ৰথা অৰুমূৰ্তিপুজাৰ বিৰোধিতা কৰিছিল আৰু ভক্তিয়েই একমাত্ৰ উপায় বুলি গণ্য কৰিছিল। 

     ভাৰতত নৱ্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান এটা অতি উল্লেখনীয় অধ্যায়।কেইজন মান মহাপুৰুষজনাই এক নতুন ধৰ্মীয় ভাৱধাৰাৰ উত্থান আৰু প্ৰসাৰ ঘটাইছিল।যিটো ক ভক্তিবাদ বুলি কোৱা হৈছিল।

       ভক্তি শব্দৰ অৰ্থ হল সেৱা। পণ্ডিত সকলৰ মতে বৈদিক সাহিত্যৰ  উপনিষদ তেই প্ৰথম "ভক্তি" শব্দৰ উল্লেখ পোৱা যায়।ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষ সকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেয়াই ভক্তিবা দ।

 খৃঃ:পু: ৬০০ চনতেই ভাৰতীয় সমাজত প্ৰচলিত কিছুমান ব্যৱস্থাই সাধাৰণ মানুহৰ জীৱন দুৰ্বিঃসাহ কৰি তুলিছিল।ভাৰত বৰ্ষৰ ধৰ্মীয় জগতত যাগ- যজ্ঞ,পূজা - পাতলৰ পয়োভৰ খুব বেছি আছিল। যাগ যজ্ঞত জীৱ জন্তু কে আদি কৰি মানুহ পৰ্যন্ত বলি দিয়া হৈছিল।এই কাৰ্যত সাধাৰণ মানুহে যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছিল।জাতি ভেদ প্ৰথা অতি কঠোৰ আছিল। তল শ্ৰেণীৰ বুলি ভবা লোকসকলক আবদমিত কৰি ৰাখিছিল।
  দাক্ষিণাত্যৰ তামিল ৰাজ্যত আলৱাৰ আৰু নয়নাৰ নামৰ দুটা সম্প্ৰদায়ে ভক্তিবাদৰ জৰিয়তে সমাজৰ এটা জাগৰণ আনিবলৈ বিচাৰিছিল।আলৱৰ সকল আছিল boishnobponthi আৰু নয়নাৰ সকল আছিল শৈৱপন্থি।
  অলৱাৰ সকলে বেদ উপনিষদ আৰু গীতাৰ ভাৱ ধাৰাক গ্ৰহণ কৰিছিল অৰ্থাৎ ভক্তি,কৰ্ম আৰু জ্ঞানৰ ওপৰত প্ৰাধান্য দিছিল। অলৱার সকলৰ মতে ভগৱানে ই হৈছে আধ্যাত্মিক জীৱনৰ পথ প্ৰদৰ্শক। তেওঁৰ চৰণত একান্ত ভক্তি য়ে মনত অজ্ঞানতা দূৰ কৰি মোক্ষ লাভৰ পথ দিয়ে।
 ভক্তি বাদী ধাৰণাক এক আন্দোলন হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত বিশিষ্ট ভূমিকা পালন কৰা গুৰু সকলৰ ভিতৰত শংকৰাচাৰ্য,ৰমনুচৰ্য,নিম্বৰ,মাধৱ,ৰমানন্দ,চৈতন্য দেৱ,কবিৰ,নানক,bollobhasarya,নামদেব,শংকৰদেৱ,মাধৱদেৱ আদি সৰ্ব প্ৰসিদ্ধ।

 ভক্তি ধৰ্ম আন্দোলন সূচনা হোৱাৰ পূৰ্বৰে পৰাই কেইবা শতিকাজুৰি ভাৰতীয় সমাজ ব্যৱস্থাত ধৰ্মৰ নামত প্ৰবল অনাচাৰ , অবিচাৰ ,আৰজকতা চলিছিল।

Post a Comment

3 Comments

Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)